বিজেপিৰ সৈতে ৰাজ্যত বিপিএফৰ মিত্ৰতা আছেঃ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰ!

December 13, 2020 0 By NEWS DESK

বিপিএফ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা।

বিজেপিৰ সৈতে ৰাজ্যত বিপিএফৰ মিত্ৰতা আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

জাৱেদকাৰে কয়-‘ বিটিচিত আমি এখন আসনৰ পৰা ৯ খন আসনলৈ আগবাঢ়িবলৈ সক্ষম হৈছো।ইউ পি পি এলৰ প্ৰমোদ বড়োক আমি মুখ্য কায্যবাহী হিচাপে সমৰ্থন দিছো।’

আনহাতে বিধানসভা নিৰ্বাচনকলৈ মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।