বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ তাৎপৰ্যপূৰ্ণ মন্তব্যঃ ৰাজ্যৰ ৫ সমষ্টিত হ’ব উপ-নির্বাচন…

June 23, 2021 0 By Biraj Kalita

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ তাৎপৰ্যপূৰ্ণ মন্তব্য।

ছমাহৰ ভিতৰত অসমত ৫টা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নির্বাচন।

বৰপেটাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাসে কৰা মন্তব্যৰ পাছতে জোকাৰণিৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত।

সভাপতি দাসৰ মতে, অহা ছমাহৰ ভিতৰত তামুলপুৰ, গোসাঁইগাঁও, মৰিয়নি সমষ্টিৰ লগতে অসমৰ আৰু দুটা সমষ্টিত হ’ব উপ–নির্বাচন৷

উল্লেখ্য যে, যে তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়ো, গোসাঁইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্র নর্জাৰীৰ মৃত্যু আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পৰিপ্রেক্ষিতত উক্ত সমষ্টি তিনিটাত উপ-নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে৷

আনহাতে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত হ’লে মাজুলী বিধানসভাৰ আসনখন খালী হৈ পৰিব৷ সেই অনুসৰি ৰাজ্যত চাৰিটা সমষ্টিতহে উপ-নির্বাচনৰ প্রাসংগিকতা আহি পৰে৷

কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৫টা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব বুলি কৰা মন্তব্যই পুনৰ কংগ্রেছী বিধায়কে বিজেপিত যোগদান কৰাৰ ইংগিতেই বহন কৰিছে৷

সংবাদ মাধ্যমৰ আগত সভাপতি দাসে কংগ্রেছৰ বহু বিধায়কে বিজেপিত যোগদানৰ বাবে যোগাযোগ চলাই থকাৰ বিষয়ে অবগত কৰাৰ লগতে বৰাক উপত্যকাৰ এগৰাকী কংগ্রেছ বিধায়কে তেওঁক কার্যালয়ত সাক্ষাৎ কৰি সেই সম্পর্কত আগ্রহ ব্যক্ত কৰাৰ বিষয়ে প্রকাশ কৰে৷