বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহন শিলেৰে ভয়ংকৰ আক্ৰমণ! আহত বিজেপি নেতা কৰ্মী…
December 10, 2020বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত অচিনাক্ত লোকে আক্ৰমণ কৰাক কেন্দ্ৰ কৰি কলকাতাত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিজেপিৰ সভাপতি জে পি নাড্ডাই পশ্চিমবংগ ভ্ৰমণৰ দ্বিতীয় দিনটোত আক্ৰমণৰ সন্মুখীন হ’ল দুৰ্বৃত্তৰ।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক সাংসদ অভিষেক বেনাৰ্জীৰ সংসদীয় সমষ্টি ডায়মণ্ড হাৰ্বাৰলৈ গৈ থকা অৱস্থাত আক্ৰমণৰ সন্মুখীন হয় নাড্ডা।
বিজেপিয়ে অভিযোগ কৰা মতে, জে পি নাড্ডা আৰু কৈলাস বিজয়ভাৰ্গীয়াৰ কনভয়ৰ ওপৰত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰিছিল।
জানিব পৰা মতে, নাড্ডাৰ কনভয়টোৱে টি এম চিৰ সমদলৰ সন্মুখীন হয় দক্ষিণ ২৪ পৰগানাত। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষৰ অভিযোগ মতে, টিএমচিৰ কৰ্মীসকলে বিজেপি সভাপতি জে পি নাড্ডাৰ কনভয় প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে আৰু শিল-ইটা দলিয়াই আক্ৰমণ কৰে।
বিজেপিৰ পশ্চিম বংগৰ সভাপতি দিলীপ ঘোষে কয়- ‘আমি ডাইমণ্ড হাৰ্বাৰলৈ গৈ থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আমাৰ বাহন আগভেটি ধৰে আৰু নাড্ডাজিৰ লগতে আন বাহনত শিলেৰে আক্ৰমণ কৰে। এয়াই তৃণমূল কংগ্ৰেছৰ চৰিত্ৰকে প্ৰতিফলিত কৰিছে।’