বিদুৎস্পৃষ্ট হৈ অৰ্ধ শতাধিক বুলবুলি চৰাইৰ মৃত্যু

August 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু অৰ্দ্ধ শতাধিক পক্ষীৰ। ইয়াৰে অধিকাংশই বুলবুলি চৰাই।

এই ঘটনাৰ স্থান লখিমপুৰ জিলাৰ ঘিলামৰা।

বুধবাৰে পুৱা ঘিলামৰাত সংঘটিত হোৱা এক বৈদ্যুতিক পৰিঘটনাত অৰ্দ্ধ শতাধিক বুলবুলি আৰু ভেচুলিকা পক্ষীৰ মৃত্যু হোৱাত ব্যথিত হৈ পৰিছে স্থানীয় প্ৰকৃতি প্ৰেমী।

প্ৰাপ্ত তথ্য অনুসৰি, ঘিলামাৰী হাঁহিগাঁৱত অনিল ভৰালী নামৰ এজন ব্যক্তিৰ এডৰা বাঁহনিত শতাধিক বুলবুলি আৰু অন্যান্য দুষ্প্ৰাপ্য পক্ষীয়ে আশ্ৰয় লৈ থকাৰ সময়তে বাহনি ডৰাৰ কাষেৰে বিদ্যুৎ বিভাগৰ ২২০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ সংস্পৰ্শত অহাত পক্ষীকুলৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সদৰী কৰে।