বিদুৎস্পৃষ্ট হৈ শ্ৰমিকৰ শােকাৱহ মৃত্যু

October 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চৰাইদেউ জিলাৰ সাপেখাতীত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু।

এই ঘটনাই শােকৰ ছাঁ পেলাইছে অঞ্চলজুৰি।

চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত সাপেখাতী চাৰিআলিত এখন দোকানত অস্থায়ীভাৱে কাম কৰি থকা অৱস্থাত বদন দাস নামৰ শ্ৰমিকজনে বিদ্যুতৰ তাঁৰ ভৰিৰে গছকি যায়।

সমগ্ৰ শৰীৰত বিদ্যুৎস্পৃষ্ট হৈ যোৱাৰ বাবেই ঘটনাস্থলীতে ঢলি পৰে যুৱকজন।

যুৱকজনক লগে লগে সাপেখাতী আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

এনেদৰে বদন দাসে কৰ্মৰত অৱস্থাত মৃত্যুক আকোঁৱালি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।