বিদ্যালয়ৰ পৰা ৰহস্যজনক ভাৱে সন্ধানহীন সপ্তম শ্ৰেণীৰ ছাত্ৰী

November 21, 2020 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যখনৰ বিভিন্ন জিলাত বিগত কিছুদিন পৰা কিশােৰী-যুৱতীৰ লগতে মহিলা নিৰুদ্দিষ্ট হােৱাৰ ঘটনা বৃদ্ধি পােৱা ঘটনাই সচেতন লােকক চিন্তিত কৰি তুলিছে।

এনেবােৰ ঘটনাৰ মাজতে এইবাৰ যােৰহাট জিলাৰ মৰিয়নিৰ পৰা সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰী ৰহস্যজনকভাৱে সন্ধানহীন হােৱাৰ ঘটনা পােহৰলৈ আহিছে।

জানিব পৰা মতে, যোৱা ১৭ নৱেম্বৰ তাৰিখে মৰিয়নি চাৰি নম্বৰ ৱার্ডৰ নিবাসী ৰামপদার্থ সিঙৰ কন্যা তথা মৰিয়নি আদর্শ হিন্দী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ অধ্যয়ণৰত ছাত্ৰী সুমন কুমাৰী (১৩) সন্ধানহীন হয়।

এই ঘটনাক লৈ বৃহত্তৰ মৰিয়নি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ বিবৰণী মতে, পিতৃ ৰামপদার্থ সিঙে কন্যাক পুৱা ৮- ৩০ বজাত ই-ৰিক্সাৰে বিদ্যালয়ত থৈ আহে।

ছাত্ৰীগৰাকী উক্তদিনা বিদ্যালয়লৈ পোছাক (ইউনিফৰ্ম) আনিবলৈ গৈছিল।

প্ৰায় এঘণ্টাৰ পিছত পিতৃ ৰামপদার্থ সিঙে কন্যাক আনিবলৈ গৈ বিদ্যালয়ত তাইক নেদেখি বিদ্যালয় কৰ্তৃপক্ষক সোধাত এজন শিক্ষকে বিদ্যালয়ৰ পিছ দুৱাৰেদি প্রীতি নামৰ এগৰাকী সহপাঠীৰ সৈতে ৰাধিকা নামৰ আন এগৰাকী সহপাঠীৰ ঘৰলৈ বুলি যায়।

প্রীতি আৰু সুমন দুয়ো ৰাধিকাৰ ঘৰলৈ যায় যদিও প্রীতি ৰাধিকাৰ ঘৰৰ ভিতৰলৈ সোমাই যায় আৰু সুমন ৰাধিকা নামৰ ছাত্ৰীগৰাকীৰ পদুলিত থিয় হৈ থাকে।

কিছু সময়ৰ পিছত প্রীতি ওলাই দেখে যে সুমন সেই স্থানত নাই।

ইফালে পিতৃ ৰামপদাৰ্থ সিঙে সুমনক বিদ্যালয়ত নাপাই হতভম্ব হৈ পৰে ।

সম্ভাৱ্য সকলো স্থানতে বিচাৰ খোচাৰ কৰে যদিও সুমনৰ কোনো সম্ভেদ উলিয়াব নোৱাৰি মৰিয়নি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

এই সম্পৰ্কত মৰিয়নি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ছাত্ৰীগৰাকীৰ কােনাে সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে।