বিদ্যুতৰ খুঁটাত উঠি মেৰামতিত নামিল বিভাগীয় গাড়ী চালক, তাৰ পাছত ঘটিল এই ঘটনা…

September 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক আজব ঘটনা! বিদ্যুৎ বিভাগৰ কাৰিকৰী জ্ঞান থকা কৰ্মচাৰীৰ সলনি বিভাগীয় গাড়ী চালক নামিল বিদ্যুতৰ বিজুতি মেৰামতিৰ কামত।

বৈদ্যুতিক খুঁটাত উঠি মেৰামতি কৰি থকাৰ সময়তে খুঁটাৰ পৰা দুৰ্ভাগ্যক্ৰমে তললৈ সৰি পৰি গুৰুতৰভাৱে আহত হ’ল এই লােকজন।

এই ঘটনাৰ স্থান বিশ্বনাথ চাৰিআলিৰ চতিয়া।

জানিব পৰা মতে, বিশ্বনাথৰ চতিয়াত বিদ্যুৎ বিতৰণ সংমণ্ডলৰ এগৰাকী গাড়ী চালক বিদ্যুৎ খুঁটাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

বৰ্তমান বিশ্বনাথ চাৰিআলি জে কে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গাড়ী চালকজন।

জানিব পৰা মতে, চতিয়াৰ বিদ্যুৎ বিতৰণ সংমণ্ডলৰ এগৰাকী গাড়ী চালক বীৰেন ৰবি দাসে শনিবাৰে নিশা উত্তৰ চতিয়াৰ এটা বিদ্যুৎ পোষ্টত উঠি বিদ্যুৎ মেৰামতি কৰিবলৈ লওঁতেই বিদ্যুতৰ খুঁটাৰ পৰা পৰি গুৰুতৰ আহত হয়।

বীৰেন ৰবি দাস চতিয়া বিদ্যুৎ সংমণ্ডলৰ এখন লীজত লোৱা বলেৰ’ পিক্আপ ভানখনৰ চালক।

এতিয়া প্ৰশ্ন হয় এগৰাকী গাড়ী চালকে কেনেকৈ বিদ্যুতৰ খুঁটাত উঠি বিদ্যুৎ মেৰামতি কৰিবলগীয়া হ’ল।

চাওক আপােনাৰ দৈনিক ৰাশিফল

কাৰিকৰী জ্ঞান নথকা এগৰাকী গাড়ীৰ চালকে কেনেকৈ বিদ্যুতৰ খুঁটাত উঠি বিদ্যুৎ মেৰামতি কৰিবলগীয়া হ’ল?

কোনে নিৰ্দেশ দিছিল বিদ্যুতৰ খুঁটাত উঠি বিদ্যুৎ মেৰামতি কৰিবলৈ এইগৰাকী গাড়ী চালকক?

বিভাগীয় তদন্ততহে পােহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।