বিদ্যুত বিভাগৰ আজৱ কাণ্ড, ঘৰে ঘৰে বিদ্যুতৰ বিল আহিল এমাহত ২০-৩২ হাজাৰ টকা পৰ্যন্ত…
May 28, 2021বিদ্যুত বিভাগৰ আজৱ কাণ্ড,এমাহৰ বিদ্যুৎ বিল ঘৰে প্ৰতি ২০-৩২ হাজাৰ পৰ্যন্ত ,সামঞ্জস্য নথকা বিলৰ অংক দেখি গ্ৰাহকৰ প্ৰতিবাদ।
লাগবান্ধ নথকা একোখন বিদ্যুতৰ মাহিলী বিল দেখি বিচূৰ্তি খাইছে নগৰবেৰাৰ ১ নং দক্ষিণ ৰাঙ্গাপানী, বদলা, টুপামাৰীৰ গ্ৰাহকে।
বিদ্যুৎ বিভাগ হায ,হায় ! বিদ্যুৎ বিভাগৰ মইমতালি বন্ধ কৰক, লেচী বিল্লাল হুছেইন হায় ,হায়, আদি প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে ৰাজপথ।
বকো বিদ্যুৎ উপ সংমণ্ডলীয় নগৰবেৰাৰ ৰঙ্গাপানী , বদলা, টুপামাৰী আদি অঞ্চলত একাংশ বিদ্যুৎ গ্ৰাহকলৈ এমাহৰ বিদ্যুৎ বিল আহিল ২০ ৰ পৰা ৩২ হাজাৰ পৰ্যন্ত।
বিভাগীয় কতৃত্বপ্ৰাপ্ত লেচীৰ মইমতালিৰ বাবেই এনে হোৱাৰ অভিযোগ।
২০০/- বা ৩০০/- কিম্বা ৫০০/- টকাৰ পৰিবৰ্তে এই সকল গ্ৰাহকলৈ হঠাৎ এমাহৰ বিদ্যুৎ বিলৰ কাগজ হাতত তুলি দিয়া হ’ল ১২ ,১৬ ,২১,৩২ হাজাৰ টকাৰ অংক।
বিদ্যুৎৰ বিল হাতত পাই মূৰে কপালে হাত দিব লগীয়া হৈছে এই সকল গ্ৰাহকে।
এই সকল দৰিদ্ৰ শ্ৰেণীৰ গ্ৰাহকে কিদৰে পৰিশোধ কৰিব বিদ্যুৎ বিল ?
বিভাগীয় কৰ্তৃপক্ষক বিষয়টোৰ তদন্তৰ দাবী জনাইছে ভুক্তভোগী গ্ৰাহক সকলে।