বিদ্যুৎস্পৃষ্ট হৈ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ মৃত্যু

December 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বোকাখাতত মৰ্মান্তিক ঘটনা।

বিদ্যুৎস্পৃষ্ট হৈ বোকাখাতৰ কাজিৰঙাৰ গেলেকীত এজন অস্থায়ী বিদ্যুৎ কৰ্মচাৰী নিহত।

নিহত যুৱকজনৰ নাম প্ৰণৱজ্যোতি বৰুৱা।

মৃত বৰুৱাই বিগত চাৰি বছৰে গেলেকী অঞ্চলত বিদ্যুৎ বিভাগৰ লাইনমেনৰ অধীনত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মত নিয়োজিত হৈ আছিল।

বৰুৱাই সন্ধিয়া গেলেকী অঞ্চলত বিদ্যুৎ বিকল হোৱাত গেলেকীৰ চাৰিআলিত ট্ৰেন্সফৰ্মাত কাম কৰি থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হৈ মৃত্যুক সাবটি ল’বলগীয়া হয়।

ততাতৈয়াকৈ বোকাখাতৰ শ্বহীদ কমলা মেৰী মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে বৰুৱাক মৃত বুলি ঘোষণ কৰে।

লগতে চাওকঃ

ছাগলী নহয়, এইবাৰ বিলাসী বাহনত কুকুৰ চুৰি কৰি ৰঙাঘৰলৈ যুৱক, বাহন জব্দ