বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু, পৰিকল্পিত হত্যাৰ সন্দেহ স্থানীয় লােকৰ
August 10, 2021নিউজ ডেস্ক। ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু ঘটনা।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ জাগুনৰ কথাচেমাত সংঘটিত হৈছে এই কৰুণ ঘটনা।
বিদ্যুৎস্পৃষ্ট হৈ এটা হাতীৰ মৃত্যু হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ।
উল্লেখ্য যে উক্ত অঞ্চলটোত অতীজৰে পৰা চলি আহিছে হাতী-মানুহৰ সংঘাত।
কাষৰীয়া যিসমূহ বনৰীয়া অঞ্চল আছে তাৰ পৰা হাতীয়ে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি চলাই আহিছে তাণ্ডৱ।
এনদৰে ওলাই আহোতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি সন্ধেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
মৃত হাতীটোৰ শৰীৰত বৈদ্যুতিক তাঁৰ স্পৰ্শ হোৱাৰ সম্পূৰ্ণ আঘাতৰ চিন প্ৰত্যক্ষ কৰি একাংশ ৰাইজে এয়া এক পৰিকল্পিত হত্যা বুলি সন্ধেহ প্ৰকাশ কৰিছে।