বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু
November 17, 2021হোজাইত নিশা বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু।
হোজাই পশ্চিম নন্দপুৰত কৰুণ মৃত্যু হয় হাতীটোৰ।
নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল প্ৰায় ডেৰ শতাধিক বনৰীয়া হাতী।
১১ হাজাৰ ভল্ট’ৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যু হয় হাতীটোৰ।
নিশা প্ৰায় ১২ মান বজাত হাৱাইপুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা হাতীৰ জাকটো খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি পশ্চিম নন্দপুৰ অঞ্চলৰ মাজেৰে গৈ থকা অৱস্থাত জাকটোৰ পিছফালে থকা উক্ত মাইকী হাতীটো ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি ঘটনাস্থলীতেই মৃত্যু হয়।
স্থানীয় ৰাইজে পুৱা সংশ্লিষ্ট পক্ষক ঘটনাটোৰ সন্দৰ্ভত খবৰ দিয়াত শক্তি বিভাগ আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সমীপৰ বনাঞ্চলত অন্তিম সংস্কাৰ কৰে।