বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু যুৱ ব্যৱসায়ীৰ শােকাৱহ মৃত্যু

July 19, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু এগৰাকী যুৱ ব্যৱসায়ীৰ।

এই ঘটনা সংঘটিত হৈছে হোজাইত। নিহত যুৱ ব্যৱসায়ীজনৰ নাম ভীম মজুমদাৰ (৩৫)।

জানিব পৰামতে, হোজাইৰ জামুহণ্ডল অঞ্চলৰ হৰি মজুমদাৰৰ পুত্ৰ তথা বিজেপিৰ হোজাই জিলাৰ প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰৰ ভাতৃ ভীম মজুমদাৰ দেওবাৰে পুৱা ঘৰুৱা কাম-বন কৰি থকা অৱস্থাত অকস্মাৎ বিদ্যুৎস্পৃষ্ট হৈ অচেতন হৈ পৰে।

তাৰ পাছতে পৰিয়ালৰ লোকে হোজাইৰ ‘হাম’ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ভীম মজুমদাৰক মৃত বুলি ঘোষণা কৰে।

পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ভীম মজুমদাৰে ইহ সংসাৰত পত্নীক এৰি থৈ যায়। নম্ৰ স্বভাৱৰ যুৱ ব্যৱসায়ীগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে।