বিদ্যুৎস্পৃষ্ট হৈ সোণালী বান্দৰৰ কৰুণ মৃত্যু
August 18, 2021নিউজ ডেস্ক। বঙাইগাঁও জিলাৰ শিৱনশিলা ভাওলাগুৰীত মঙলবাৰে বিদ্যুৎস্পৃষ্ট হৈ এটা সোণালী বান্দৰৰ কৰুণ মৃত্যু।
বঙাইগাঁও জিলাৰ শিৱনশিলা ভাওলাগুৰীত বিদ্যুৎস্পৃষ্ট অৱস্থাত এটা সোণালী বান্দক স্থানীয় ৰাইজৰ সহযোগত অভয়াপুৰী-বঙাইগাঁও বনবিভাগে উদ্ধাৰ কৰিছিল।
উল্লেখ্য, সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজান অভয়াৰণ্যৰ পৰা প্ৰায়েই এইদৰে বিদ্যুস্পৃষ্ট হয় সোণালী বান্দৰ।
বিদ্যুৎস্পৃষ্ট হোৱাৰ লগে লগে অভয়াপুৰী বন বিভাগৰ কাৰ্যালয়লৈ আনি তাৰপিছত পৰৱৰ্তী সময়ত কোকৰাঝাৰৰ চৰাইকৰাত বন্য প্ৰাণী সংস্থাপন কেন্দ্ৰত নিয়া হয় যদিও চিকিৎসা আৰম্ভ কৰোঁতেই কৰুণ মৃত্যু সাবটি লয় সোণালী বান্দৰটোৱে