বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্য চৰকাৰঃ মুখ্যমন্ত্ৰী…

June 14, 2021 0 By Biraj Kalita

গুৱাহাটীৰ বিজুলী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন।

তিনিওটা শক্তি কোম্পানীৰ হেৰুওৱা ৰাজহ কোম্পানীকেইটাই যাতে পুনৰুদ্ধাৰ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি সংবাদমেলত জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিদ্যুৎ চুৰি কৰা সকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰখাত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ।

এটা কোম্পানীয়ে দিয়া জিএছটি আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্য কিমান সেয়া পৰীক্ষা কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

গুজৰাটৰ শক্তি বিতৰণৰ আৰ্হিক লৈ কাইলৈ হ’ব ভিডিঅ’ কনফাৰেন্স।

সোমবাৰৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলত শক্তিমন্ত্ৰী বিমল বৰা আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে।