বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডঃ গ্ৰাহকৰ এমাহৰ বিল আহিল দহৰ পৰা পঞ্চাশ হাজাৰ টকা পৰ্যন্ত…

July 10, 2021 0 By Biraj Kalita

বিদ্যুতৰ মাহিলী বিল দেখি বিচূৰ্তি খাইছে একাংশ দুখীয়া গ্ৰাহকে।

মাহেকত দহ হাজাৰৰ পৰা পঞ্চাশ হাজাৰ পৰ্যন্ত বিদ্যুত বিল দেখি শলঠেকত পৰিছে গ্ৰাহক।

উপায়বিহীন হৈ ট্ৰেন্সফৰ্মাৰৰ তলত ধূপ-চাকি জ্বলাই বিভাগটোৰ সুমতি বিচৰাৰ সমান্তৰালকৈ কৰিলে উত্তাল প্ৰতিবাদ।

নগৰবেৰাৰ মালিবাৰী শালমাৰা গাঁৱত মাহিলী বিদ্যুৎ বিলৰ অংক দেখি চকু কপালত উঠিছে বিদ্যুত গ্ৰাহকৰ।

কাৰোবাৰ যদি এমাহত দহ হাজাৰ কোনোবাজনৰ আকৌ পঞ্চাশ হাজাৰ পৰ্যন্ত। বিদ্যুৎ বিলৰ মোটা অংকই শ’লঠেকত পেলাইছে গ্ৰাহকক।

উপায়বিহীন হৈ গ্ৰাহক সকল সমবেত হৈ গাঁৱৰ ট্ৰেন্সফৰ্মাৰ’ৰ তলত ধূপ-চাকি জ্বলাই মাংগলিক কাৰ্যসূচীৰে সুমতি বিচাৰিলে সংশ্লিষ্ট বিভাগটোৰ। সমান্তৰালকৈ সাব্যস্ত কৰিলে প্ৰতিবাদ পৰ্যন্ত।

বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ বিৰুদ্ধে গ্ৰাহক ৰাইজে সাৱ্যস্ত কৰে এই প্ৰতিবাদ।

প্ৰশ্ন হয় ,মাহেকত গ্ৰাহস্থ্য বিদ্যুত বিলত কিদৰে সম্ভৱ হয় এনে মোটা অংকৰ বিল ? বিষয়টোৰ তদন্ত হ’বনে আগলৈ ,নে কটা যাব পাৰে অঞ্চলটোৰ বিদ্যুতৰ সংযোগ?