বিধানসভা অধিবেশনত বড়ো বিধায়কসকলে মাতৃভাষাত দিব পাৰিব ভাষণ…

June 7, 2021 0 By Biraj Kalita

পৰৱৰ্তী বিধানসভা অধিবেশনত বড়ো বিধায়কসকলে মাতৃভাষাত দিব পাৰিব ভাষণ।

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠকত এই আলোচনা কৰা হয়।

বৈঠকত উপাধ্যক্ষ নোমল মমিনৰ লগতে জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্ব, বড়ো সাহিত্য সভা, এবছুৰ নেতৃত্ব, বড়ো জনগোষ্ঠীৰ মন্ত্ৰী- বিধায়কসকলো উপস্থিত থাকে।

এই সন্দৰ্ভত অধ্যক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে কয়- চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃত হোৱাৰ পিছতে আমি সকলোতে বড়ো ভাষাক কিদৰে উপস্থাপন কৰিব পাৰি,তাৰেই পদক্ষেপ লৈছো। আজিৰ বৈঠকত মত বিনিময় আছিল, সকলোয়ে বৈঠকত নিজা নিজা পৰামৰ্শ দাঙি ধৰে। অৱশ্যে সকলো নীতি নিয়ন বিধানসভাৰ নীতি নিয়মৰ মাজেৰেহে আগবাঢ়িব।

বিধানসভাৰ পৰা প্ৰকাশিত সকলো কিতাপ বড়ো ভাষালৈ অনুবাদ কৰা হব বুলিও সদৰি কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। লগতে কয় যে, এতিয়াৰ পৰা আন ভাষাত প্ৰশ্ন-উত্তৰ থাকিলে সেয়া লগে লগে বড়ো ভাষালৈ অনুবাদ কৰা হব।

তেওঁ কয়-‘বৰ্তমানে পৰ্যাপ্ত মানৱ সম্পদ নাই, সেই গতিকে জুলাইৰ অধিবেশনত বড়ো ভাষা ব্যৱহাৰৰ পদক্ষেপ কাৰ্যকৰী নহব, কিন্তু ডিচেম্বৰৰৰ শীত অধিবেশনত এই সিদ্ধান্ত কাৰ্যকৰী হব।’