বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত গুলীবৰ্ষণৰ ঘটনাৰ স্পষ্টীকৰণ দিলে নাগালেণ্ড আৰক্ষীয়ে…

May 29, 2021 0 By Biraj Kalita

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত গুলীবৰ্ষণৰ ঘটনাৰ স্পষ্টীকৰণ দিলে নাগালেণ্ড আৰক্ষীয়ে।

ৰূপজ্যোতি কুৰ্মীৰ ওপৰত হোৱা গুলীবৰ্ষণ ঘটনাৰ সন্দৰ্ভত নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰৰ ওচৰত মোককচাঙ জিলাৰ আৰক্ষী অধীক্ষকে  শুকুৰবাৰে  প্ৰতিবেদন দাখিল কৰে।

মোককচাঙ জিলাৰ এছ পি বিশালে দাখিল কৰা প্ৰতিবেদন কোৱা হৈছে যে, মৰিয়নী সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসম আৰক্ষী আৰু কিছু লোক লগত লৈ মোককচাঙ জিলাৰ প্ৰশাসনৰ অনুমতি অবিহনে ভিকুটো গাঁৱত প্ৰবেশ কৰিছিল।অসমৰ দলটো দেখা পাই  তাত থকা নগা গাওঁবাসীয়ে  অসমৰ দলটোক উভতি যাবলৈ চিঞৰি হুলস্থুল কৰে আৰু তেনে সময়তে অসম আৰক্ষী দলটোৱে এছাল্ট ইনচাৰ্চ ৰাইফলৰে শূন্য লৈ পাঁচ জাঁই গুলী ফুটাই। প্ৰত্ত্যুৰত ভিকুটো গাঁৱবাসীও তেওঁ লোকৰ হাতত থকা  খঁজা বন্দুকৰে দুজাঁই গুলী ফুটাই।’

প্ৰতিবেদনত উল্লেখ কৰামতে যোৱা ২৫ মে  দিনা মোককচাঙ জিলাৰ ভিকুটো গাঁৱ অঞ্চলত অসমৰ বন বিভাগ আৰু অসম আৰক্ষী প্ৰায় ২৫ জনীয়া  এটা দল উপস্থিত হৈ অঞ্চলটোত ৰোপন কৰা তামোল গছ আৰু এটা ঘৰ ধবংস কৰি পেলাইছিল।

ইফালে ভিকুটো গাঁৱৰ চেয়াৰমেন ইনাটো অৱমী আৰু ভিখেছে অৱমী ভিকুটো গাঁৱখন মোককচাঙ জিলাৰ অন্তৰ্গত নাগালেণ্ড চৰকাৰৰ এখন স্বীকৃতি প্ৰাপ্ত গাঁৱ বুলি দাবী কৰিছে।