বিধায়ক পদৰ পৰা পদত্যাগ মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ…

June 18, 2021 0 By Biraj Kalita

জল্পনা কল্পনাৰ অন্ত পেলাই আনুষ্ঠানিকভাৱে কংগ্ৰেছ এৰিলে ৰূপজ্যোতিয়ে।

বিধায়ক পদৰ পৰাও পদত্যাগ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

বিধানসভাৰ অধ্যক্ষক কুৰ্মীয়ে দাখিল কৰিলে পদত্যাগ পত্ৰ।

মৰিয়নিৰ পৰা ৪বাৰকৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়ে অৱশেষত গ্ৰহণ কৰিলে চূড়ান্ত সিদ্ধান্ত।

কংগ্ৰেছক বিদায় দি গেৰুৱা বসন পিন্ধিব বিধায়কগৰাকীয়ে।

শীঘ্ৰেই বিজেপিত যোগদানৰ সম্ভাৱনা ৰূপজ্যোতিৰ।

কংগ্ৰেছৰ টিকটত মৰিয়নীৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰূপজ্যোতিয়ে।