বিধায়িকা অজন্তা নেওগলৈ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী!
December 24, 2020জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে বিজেপিত যোগদান সন্দৰ্ভত ওলোৱা খবৰে ৰাজ্যৰ ৰাজনীতিতি বিশেষ চৰ্চা লাভ কৰিছে।
শেহতীয়াভাৱে অসম প্ৰদেশ কংগ্ৰেছে গোলাঘাটৰ বিধায়িকাগৰাকীলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী।
২৫ ডিচেম্বৰৰ ভিতৰত নেত্ৰীগৰাকীক কাৰণ দৰ্শোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে।
প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) ৰঞ্জন বৰাই স্বাক্ষৰ কৰা কাৰণ দৰ্শোৱাৰ জাননীত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়িকাগৰাকীয়ে সাক্ষাৎ কৰা প্ৰসংগও উত্থাপন কৰা হৈছে।
জাননীত নেত্ৰীগৰাকীক স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছে।
লগতে পত্ৰখনত ২৬ ডিচেম্বৰত অমিত শ্বাহৰ উপস্থিতিত নেত্ৰীগৰাকীয়ে বিজেপিত যোগ দিব বুলি চৰ্চা চলাৰ কথাও উল্লেখ কৰা হৈছে।