বিধ্বংসী অগ্নিকাণ্ডঃ জুইত ভস্মীভূত প্ৰায় কোটি টকাৰ সা-সামগ্ৰী…
March 28, 2022নগৰবেৰাত নিউ মাৰ্কেটত বিধ্বংসী অগ্নিকাণ্ড৷
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত অগ্নিকাণ্ডত দুলাল সাহা নামৰ ব্যৱসায়ী এজনৰ প্ৰায় কোটি টকাৰ সামগ্ৰী ভস্মীভূত হয়৷
ৰাইজৰ সহযোগত কোনমতে নিৰ্বাপন জুঁইকুৰা৷
ক্ষয়ক্ষতিৰ আনুমানিক হিচাপ প্ৰায় কোটি টকা হ’ব বুলি জনাইছে স্থানীয় লোকে৷
ইপেন খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত প্ৰায় ২ ঘণ্টা পলমকৈ উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন৷
ব্যৱসায়ীজনৰ ঘৰৰ উপৰি বুজন পৰিমানৰ ব্যৱসায়ৰ সা-সামগ্ৰী ভস্মীভূত হয় এই জুঁইত৷
ৰাইজে শীঘ্ৰে নগৰবেৰাত অগ্নি নিৰ্বাপন কেন্দ্ৰ এটা স্থাপনৰ দাবী জনাইছে৷