বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি! হাতত কোৰ লৈ মেৰামতিত লাগিল বিধায়ক ৰূপজ্যোতি কুৰ্মী…

June 9, 2021 0 By Biraj Kalita

জৰাজীৰ্ণ হৈ পৰিছে ঐতিহাসিক ধোদৰ আলি।

বিধস্ত ৰাজপথৰ অৱস্থাই জ্বলা কলা খুৱাই আহিছে সাধাৰণ জনতাক।

ঐতিহাসিক পথটো পুনৰ নিৰ্মানৰ বাবে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দীৰ্ঘদিনৰ পৰা দাবী প্ৰতিবাদ কৰি আহিছে যদিও গা নলৰিল চৰকাৰ তথা লোকনিৰ্মান বিভাগৰ।

সেয়ে বুধবাৰে পুৱাই হাতত এখন কোৰ লৈ মৰিয়নিৰ হেমলাইৰ সমীপত ঐতিহাসিক ধোদৰ আলিত পথ মেৰামতি কৰাত ব্যস্ত হৈ পৰিল বিধায়ক ৰূপজ্যোতি কুৰ্মী।

বিধায়ক গৰাকীয়ে পথটোৰ দ দ গাঁতত জমা হোৱা পানীবোৰ নলা কাটি আঁতৰাবলৈ চেষ্টা কৰে।

আনহাতে বিধায়ক গৰাকীয়ে ধোদৰ আলিটো মেৰামতি কৰা ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ আৰু বিজেপি কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক পথটো নিৰ্মানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধোদৰ আলিটো নিৰ্মানৰ বাবে পুঁজি মুকলি কৰি দিবলৈ অনুৰোধ জনোৱা লগতে মুখ্যমন্ত্ৰী গৰাকী নিজে আহি পথটো নিৰ্মানৰ শুভাৰম্ভ কৰিবলৈও আহ্বান জনায়।