বিপজ্জনক! বানৰ মাজতে কলগছৰ ভূৰত বান্ধি ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ গৰু সৰবৰাহ

September 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ মাজতাে পুনৰ বাংলাদেশলৈ অবৈধভাৱে গৰুৰ সৰবৰাহৰ অপচেষ্টা অব্যাহত আছে।

বিশেষকৈ কলৰ ভূৰত বান্ধি বিপজ্জনকভাৱে বাংলাদেশলৈ গৰু অব্যাহত চেষ্টা চলাইছে গৰুৰ চােৰাং সৰবৰাহকাৰী চক্ৰই।

চােৰাং ব্যৱসায়ীৰ এনে প্ৰচেষ্টা বিফল কৰিবলৈ উঠি পৰি লাগিছে আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSF ৰ জােৱানসকলে।

জানিব পৰা মতে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুটা পৃথক স্থানত বি এছ এফে ২৩ টা চোৰাং গৰু জব্দ কৰি আৰক্ষীক গতাই দিয়ে।

জিলাখনৰ দক্ষিণ শালমাৰা থানা এলেকাৰ বাংলাদেশ সীমান্তৱৰ্তী চােকীচৰ বি এছ এফ কেম্প এলেকাৰ নদীপথৰ পৰা বি এছ এফে ১৮ টা গৰু জব্দ কৰে।

ব্ৰহ্মপুত্ৰ নদী তথা উন্মুক্ত চৰ সীমান্তৰ মাজেৰে গৰুকেইটা সৰবৰাহকাৰীয়ে কল গচৰ ভূৰত বান্ধি বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত বি এছ এফে জব্দ কৰে যদিও চোৰাং সৰবৰাহকাৰীৰ দলটো পলায়ন কৰে।

বি এছ এফে গৰুকেইটা দক্ষিণ শালমাৰা থানাত চমজাই দিয়াত আৰক্ষীয়ে গৰুকেইটা খোৱাৰত ৰাখিছে।

আনহাতে, জিলাখনৰে সুখচৰ থানা এলেকাৰ মহামায়া চৰ বি এছ এফে কেম্প এলেকাৰ বাংলাদেশ সীমান্তৰ পৰাও বি এছ এফে যোৱা নিশা ৫ টা গৰু জব্দ কৰে।

অৱশ্যে চোৰাং সৰবৰাহকাৰীকেইটা ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইতিমধ্যে, বিএছএফে গৰুকেইটা সুখচৰ আৰক্ষীক চমজাই দিছে।