বিপজ্জনক! ৰেʼলৰ দলঙেৰে বিপদসংকুল যাত্ৰা, দুৰ্ঘটনাৰ আশংকা
September 12, 2021নিউজ ডেস্ক। এক বিপজ্জনক যাত্ৰা। চমু পথ বিচাৰি বিপদসংকুলভাৱে নৈৰ ওপৰত নিৰ্মিত ৰে’লৰ দলঙেৰে যাত্ৰা একাংশ অসচেতন লােকৰ।
উল্লেখ্য যে খুমটাইত ধনশিৰি নদীৰ ওপৰেদি ৰে’ল দলঙেৰে বিপদ সংকুলভাৱে যাত্ৰা অব্যাহত ৰাখিছে নুমলীগড় শোধনাগাৰৰ শ্ৰমিক তথা একাংশ স্থানীয় ৰাইজে।
এনে কাৰ্য প্ৰত্যক্ষ কৰি ভয়ংকৰ বিপদৰ আশংকা কৰিছে সচেতন ৰাইজে।
নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিতৌ কৰ্মচাৰী তথা ৰাইজে উক্ত ৰে’লৰ দলঙৰ ওপৰেৰে বিপদ সংকুল যাত্ৰা কৰি আহিছে।
উল্লেখ্য যে উক্ত ৰে’লৰ দলঙত পূৰ্বেও বহুতো দুৰ্ঘটনা সংঘটিত হৈছিল।
সেয়েহে অইলৰ শ্ৰমিক তথা স্থানীয় ৰাইজে অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।