বিবাহ যাত্ৰী বাহনৰ সৈতে স্কুটীৰ মুখামুখি সংঘৰ্ষ
February 12, 2022নিউজ ডেস্ক। বিবাহ যাত্ৰীৰ বাহনৰ সৈতে স্কুটীৰ ভয়ংকৰ সংঘৰ্ষ।
এই দুৰ্ঘটনাত মৃত্যু স্কুটী আৰোহী গৃহৰক্ষী জােৱান ৰঞ্জন কােঁৱৰৰ।
এই ঘটনাৰ স্থান নগাঁও চহৰৰ মিছন মাৰ্কেট।
জানিব পৰা মতে, এএছ ০২ কিউ ৬২২১ নম্বৰৰ বিবাহ যাত্ৰীৰ ৰে’নােল্ট গাড়ী আৰু জােৱানজনৰ স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
গৃহৰক্ষী জোৱান জন স্কুটীৰে নতুন বজাৰ দিশৰ পৰা নগাঁও পুলিচ ৰিজাৰ্ভলৈ গৈ আছিল।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত গৃহৰক্ষী জােৱানজনক ততালিকা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
কিন্তু স্বাস্থ্যৰ দ্ৰুত অৱনতি হােৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে জােৱানজনৰ মৃত্যু হয়।
মৃত জােৱানজনৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে।