বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দেশৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে!
December 24, 2020ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দেশৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে।
বুধবাৰে সন্ধিয়া মুখ্য ন্যায়াধীশ গৰাকীয়ে যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ ৫৩০ নম্বৰৰ বিমানখনত যান্ত্ৰিক বিজুতিয়ে দেখা দিয়ে।
লগে লগে পাইলটে বিমানখন কলকাতাৰ দমদম আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰাবলৈ সক্ষম হয়।
যাৰ ফলত এক নিশ্চিত দুৰ্ঘটনাৰ পৰা মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ লগতে ১৪৬ গৰাকী যাত্ৰীৰ জীৱন ৰক্ষা পৰে।
উল্লেখ্য যে দেশৰ সৰ্বোচ্চ ন্যায়াধীশগৰাকীয়ে অসমসহ উত্তৰ পূৱ ভ্ৰমণলৈ আহিছিল। সেই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অসমৰ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰিভ্ৰণ কৰে।
ইয়াৰ পিছতে মংগলবাৰে অসমৰ পৰা ত্ৰিপুৰালৈ যায় মুখ্য ন্যায়াধীশগৰাকীয়ে।
বুধবাৰে ত্ৰিপুৰাৰ হাই কোৰ্টৰ ই-সেৱা কেন্দ্ৰ উদ্বোধন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰমবিমান বন্দৰৰ পৰা কলকতা হৈ এয়াৰ ইণ্ডিয়াৰ ৫৩০ নম্বৰ বিমানেৰে হায়দৰবাদলৈ যাত্ৰা কৰিছিল।