বিলাসী বাহনেৰে ছাগলী চুৰি কৰিবলৈ গৈ আটক ৩ চােৰ

October 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। যমুনামুখ আৰক্ষীৰ জালত তিনি কুখ্যাত চোৰ।

বিলাসী বাহনত চুৰি ছাগলীসহ আটক তিনি ছাগলী চোৰ।

এই চােৰ কেইটাৰ ঘৰ বৰপেটা আৰু নগাঁও জিলাত।

উল্লেখ্য যে যমুনামুখ আৰক্ষী চকীৰ অন্তৰ্গত বৰজাৰি মাজগাঁৱৰ পৰা এটা ছাগলী চুৰি কৰি লৈ যোৱাৰ সময়ত স্থানীয় লোকে হাতেলোটে ধৰে চোৰ তিনিটাক।

স্থানীয় ৰাইজে চোৰকেইটাক আটক কৰি উত্তম-মধ্যম দিয়াৰ লগতে যমুনামুখ আৰক্ষীক খবৰ দিয়ে।

লগে লগে আৰক্ষী উপস্থিত হৈ তিনিওটা চোৰসহ ছাগলী আৰু এছ-০১এৱাই- ২২৬৯ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখন জব্দ কৰে।