বিলাসী বাহনৰ পৰা জব্দ বাঘৰ ছাল, শৰীৰৰ অংগ

February 9, 2022 0 By NEWS DESK

নিউজ ডেস্ক। জৈৱ বৈচিত্ৰৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চলসমূহত অব্যাহত আছে বন্যপ্ৰাণীৰ চােৰাং চিকাৰৰ লগতে অংগ-প্ৰত্যংগৰ চােৰাং বেহা।

শেহতীয়াকৈ ভাৰত চৰকাৰৰ অধীনস্থ ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ’ চমুকৈ WCCB ৰ সৈতে বন বিভাগৰ যৌথ অভিযানত বাঘৰ ছালৰ লগতে শৰীৰ অংগ-প্ৰত্যংগ জব্দ হােৱা ঘটনাই পুনৰ যেন তাকেই প্ৰতীয়মান কৰিছে।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পৰা এখন বিলাসী বাহনত বাঘৰ ছাল, আৰু হাড়, নখ, দাঁত আদি কঢ়িয়াই আনি থকা অৱস্থাত ডব্লিউ চি চি বি আৰু হাৰমতী আঞ্চলিক বন বিষয়াৰ যুটীয়া অভিযানত আটক হয় তিনিজন যুৱক।

আটক কৰা যুৱককেইজন প্রবীণ দলে (ধেমাজি) আৰু নিয়ানিয়া য়ামছা, টাপে য়ামছা নামৰ দুজন অৰুণাচল প্ৰদেশৰ পশ্চিম চিৰাং জিলাৰ।

আনহাতে, সংস্থাটোৱে জব্দ কৰিছে দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰা এ আৰ ০১ কে ১৬৪৪ নম্বৰৰ বিলাসী বাহন এখন।

দুপৰীয়া গুৱাহাটীৰ ডব্লিউ চি চি বি নামৰ বেচৰকাৰী সংস্থাটোৱে গোপন সূত্ৰৰ পম খেদি অসম-অৰুণাচল সীমাৰ লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ ২ নং পেট্রল ডিপ’ৰ পৰা এই চোৰাং সৰবৰাহকাৰী তিনিজনক আটক কৰে।

ছাল উদ্ধাৰ কৰা ঢেঁকীয়াপতীয়া বাঘটোৰ দৈৰ্ঘ্য প্রায় ছয় ফুট ।

তদুপৰি, চাৰিটা দাঁত, নখ আৰু পোন্ধৰ কেজি দুশ ত্রিশ গ্রাম ওজনৰ হাড় উদ্ধাৰ কৰে।