বিলাসী বাহনৰ যাত্ৰীৰ ৰূপত গৰু! আৰক্ষীক দেখি পলাল গাড়ী চালক
June 11, 2021নিউজ ডেস্ক। ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যজুৰি সান্ধ্য আইন বলৱৎ থকাৰ সময়তে অব্যাহত আছে বে-আইনী কাৰ্যকলাপ।
ইয়াৰ মাজতে পুৱতি নিশা বিলাসী আৰ্টিগা বাহনত উঠাই চােৰাং গৰু সৰবৰাহৰ অপচেষ্টা চলাই বিপদত পৰিল গৰু সৰবৰাহকাৰী।
শিৱসাগৰত পুৱতি নিশা চোৰাং গৰুসহ বিলাসী বাহন জব্দ কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, শিৱসাগৰ জিলাৰ ৰজাবাৰী ডৰিকাঘাটৰ সমীপৰ পৰা এছ ০১ এম এ৮৬৪০ আৰ্টিকা নামৰ বিলাসী বাহনত উদ্ধাৰ কৰা হয় চোৰাং গৰু।
অৱশ্যে গৰুৰ চোৰাং বেহাত ব্যৱহৃত বাহনখনৰ গৰাকীক বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
সম্প্ৰতি শিৱসাগৰ জিলাৰ সদৰ থানাত গৰুসহ বাহনখন আৰক্ষীৰ জিম্মাত আছে।