বিশিষ্ট ব্যৱসায়ী প্ৰদীপ বৰবৰাৰ দেহৱসান
July 20, 2021নিউজ ডেস্ক। গোলাঘাট জিলাৰ বৰপথাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰদীপ বৰবৰাৰ দেহৱসান।
বৰপথাৰৰ জ্যেষ্ঠ নাগৰিক তথা অঞ্চলটোৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰদীপ বৰবৰা যকৃত ৰোগত আক্ৰান্ত হৈ দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
অৱশেষত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।
বৰপথাৰৰ ব্যৱসায়ী সন্থাৰ বৰ্তমানৰ সভাপতি লগতে আন বহুটো দায়িত্ব বহন কৰিছিল প্ৰয়াত প্ৰদীপ বৰবৰা।
আনহাতে, লোকজনে অঞ্চলটোৰ বহু নিবনুৱা যুৱকক সংস্থাপন দিছিল।
তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৯ বছৰ।
বিশিষ্ট ব্যৱসায়ীজনৰ আত্মাৰ সদগতিৰ কাৰণে সোমবাৰে বৰপথাৰৰ সকলো ব্যৱসায়ীয়ে ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ৰখা হয়।