বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ গভীৰ শোক প্ৰকাশ…

June 3, 2021 0 By Biraj Kalita

অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰা আৰু নাই।

ক’ভিডে আমাৰ মাজৰ পৰা কাঢ়ি নিলে বিশিষ্ট সাহিত্যিক গৰাকীক।

এক্সেল কেয়াৰ হস্পাতালত দীৰ্ঘদিন ধৰি চিকিতসাধীন হৈ আছিল ডঃ লক্ষ্মীনন্দন বৰা।

বৃহস্পতিবাৰে দিনৰ ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে ডঃ বৰাই।

অপূৰ্ব কথনশৈলীৰে জনজীৱনক গভীৰভাবে চুই যোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে, বৰেণ্য সাহিত্যিক গৰাকীৰ বিয়োগত ৰাজ্যৰ সাহিত্য জগতৰ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল।

প্ৰয়াত সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা মুখ্যমন্ত্ৰীৰ।

প্ৰয়াত লক্ষ্মীনন্দন বৰাৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।