বিশেষভাৱে সক্ষম লোকৰ পৰা ধন লৈ উধাও দুৰ্বৃত্ত

August 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ দুৰ্বৃত্তৰ চকু পৰিল এজন দিব্যাংগ ব্যক্তিৰ ওপৰত।

কামৰূপ জিলাৰ ৰঙিয়াত বিশেষভাৱে সক্ষম লোকৰ পৰা ধন লৈ উধাও হ’ল দুৰ্বৃত্ত।

ই-ৰিক্সাত অহা দুৰ্বৃত্তই গুড্ডু ভাৰতী নামৰ বিশেষভাৱে সক্ষম লোকজনৰ পৰা লুটি নিলে নগদ ধনসহ সামগ্ৰী।

জানিব পৰা মতে, ৰঙিয়া নগৰত ভজন গাই বিশেষভাৱে সক্ষম লোকজন ঘৰলৈ উভতি গৈ আছিল আৰু সেই মুহূৰ্ততে ই-ৰিক্সাৰে অহা দুৰ্বৃত্তই নগদ ধনসহ সামগ্ৰী লৈ পলায়ন কৰে।

তৎমুহূৰ্ততে লাগি পৰে হুৱাদুৱা। ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ৰঙিয়া থানাত।

উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।