বিশেষ মূল্যায়ন পদ্ধতিৰে আজি ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল…

July 30, 2021 0 By Biraj Kalita

আজি ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল।

আজি দিনৰ ১১ বজাত ডিজিটেল মাধ্যমত প্ৰকাশ পাব এই ফলাফল।

ছাত্ৰ ছাত্ৰী সকলে ম’বাইল SMSৰ জৰিয়তে ও লাভ কৰিব ফলাফল।

অৱশ্যে এই ফলাফলক লৈ পূৰ্বৰ দৰে ৰাজ্যত সৃষ্টি হোৱা নাই উৎসৱমুখৰ পৰিবেশ।

শিক্ষাৰ্থী সকলৰ মাজতো ফলাফলক লৈ দেখিবলৈ পোৱা নাই উৎসুকতা।

ক’ভিড সংক্ৰমণৰ বাবে পোন প্ৰথমবাৰৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প মূল্যায়ন পদ্ধতিৰে এই ফলাফল ঘোষণা কৰিব ছেবাই।

অৱশ্যে কোনো ছাত্ৰ ছাত্ৰী‌ ফলাফলক লৈ‌ অসন্তুষ্ট হ’লে পৰীক্ষাত‌ বহিব পাৰিব।

উল্লেখ্য যে, নৱম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পৰা ৪০ শতাংশ, দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পৰা ৪০ শতাংশ আৰু বাকী ২০ শতাংশ নম্বৰ উপস্থিতি আৰু এছাইন্টমেন্টৰ পৰা লৈ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব।

এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,২৬৫৫৩ গৰকী শিক্ষাৰ্থীৰ আৰু হাই মাদ্ৰাছাৰ ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ফলাফল বিকল্প পদ্ধতিৰে প্ৰদান কৰিব ছেবাই।

ছেবাই মুঠ ১৪ টা ৱেবছাইটত ঘোষণা কৰিব ফলাফলসমূহ।