বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বী মিজোৰামৰ ঝিওনা চানাৰ মৃত্যু…

June 14, 2021 0 By Biraj Kalita

বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বী মিজোৰামৰ ঝিওনা চানাৰ মৃত্যু।

দেওবাৰে ৭৬ বছৰ বয়সত আইজলৰ এখন হাস্পাতালত মৃত্যু হয়।

উচ্চ ৰক্তচাপ আৰু মধুমেহৰ সমস্যাত ভূগি আছিল তেওঁ।

৩৯ গৰাকী পত্নী, ৯৪টা সন্তান, ১৪ গৰাকী বোৱাৰী, ৩৩টা নাতি-নাতিনী আৰু  এটি পৰিনাতিৰে গিজগিজাই থকা বিশ্বৰ সবাতোকৈ ডাঙৰ পৰিয়ালটোৰ মূৰব্বাীৰূপে জনাজাত আছিল ঝিওনা চানা।

১৯৪৫ চনত জন্ম লাভ কৰা মিজোৰামৰ ছাৰ্চিপ জিলাৰ বকটাৱং টাংনুয়াম গাঁৱৰ বাসিন্দা আছিল চানা।

ঝিওনাই প্ৰথম ১৭বছৰ বয়সত তেওঁতকৈ ৩বছৰ ডাঙৰ এগৰাকী যুৱৱতীক বিয়া কৰাইছিল। অন্তিমবাৰ তেওঁ ২০০৪চনত বিয়া কৰাইছিল।

নৱ প্ৰজন্মৰ ঘৰ’ (Chhuan Thar Run (New Generation Home)) বুলি এটা চাৰি মহলীয়া ঘৰ সাজিছিল চানাই।

এই ঘৰটোতে তেওঁৰ আটাইকেইগৰাকী পত্নী আৰু বাকী পৰিয়ালৰ সমস্ত সদস্য বাস কৰিছিল। অৱশ্যে, তেওঁৰ জীয়েককেইগৰাকী নিজৰ পতিসকলৰ সৈতে সুকীয়াকৈ বাস কৰিছিল।

চানাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ঝোৰাম থাংগাইও।

টুইটাৰৰ এক বাৰ্তাত তেওঁ কয়, ‘বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বী হিচাপে পৰিচিতি লাভ কৰা  ঝিওনক গভীৰ অন্তৰেৰে বিদায় জনাইছো। ৩৮ গৰাকী পত্নী আৰু ৮৯ টা সন্তানৰ সৈতে একেলগে থকা পৰিয়ালটোৰ বাবে মিজোৰাম আৰু বকটাৱং টাংনুয়াম গাওঁখন পৰ্যটকৰ এক মুখ্য আকৰ্ষণ হৈ পৰিছে। ৰেষ্ট ইন পিচ চাৰ।’