বিশ্বৰ ৫০ খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ IIT গুৱাহাটীৰ…
June 10, 2021ৰাজ্য বাসীৰ বাবে এক ভাল খবৰ।
বিশ্বৰ ৫০ খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিছে IIT গুৱাহাটীয়ে।
লণ্ডনস্থিত কিউএছে বুধবাৰে বিশ্বৰ শীৰ্ষ-২০০ বিশ্বমানৰ বিশ্ববিদ্যালয়ৰ ৰেংকিং মুকলি কৰে।
এই ৰেংকিঙত Research Citations per Faculty কেটেগৰীত IIT গুৱাহাটীয়ে ৪১ তম স্থান লাভ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে প্ৰকাশিত কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত বিশ্বৰ শীৰ্ষ ২০০ খন বিশ্ববিদ্যালয়ত স্থান লাভ কৰা ভাৰতীয় বিশ্ববিদ্যালয়সমূহক অভিনন্দন জ্ঞাপন কৰে আৰু কয় যে, ‘বিশ্বব্যাপী উৎকৰ্ষতাত স্থান নিশ্চিত কৰিবলৈ আৰু যুৱসকলৰ মাজত বৌদ্ধিক দক্ষতা সমৰ্থন কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছে।’
উল্লেখ্য যে, এই ৰেংকিঙত বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্সে (IISC) ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ অৰ্জন কৰিছে।