বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সদস্য হিচাপে নির্বাচিত ড০ হিমন্ত বিশ্ব শর্মা…

May 24, 2021 0 By Biraj Kalita

ভাৰতীয় বেডমিণ্টন সংস্থা চমুকৈ ‘বাই’ৰ সভাপতি ড০ হিমন্ত বিশ্ব শর্মা বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সদস্য হিচাপে নির্বাচিত হৈছে৷

২০২১-২৫ বর্ষৰ বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সদস্য হিচাপে শনিবাৰে হিমন্ত বিশ্ব শর্মা নির্বাচিত হয়৷

বেডমিণ্টন এছিয়াৰ উপ–সভাপতি ড০ শর্মাই শনিবাৰে বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ ভার্চুৱেল সদস্য নির্বাচনত ২৩৬টা ভোট লাভ কৰে৷

৩১জন প্রতিদ্বন্দ্বীৰ ভিতৰত ২০জন সদস্যৰ এজন হিচাপে নির্বাচিত হয় ড০ শর্মা৷

ড০ শর্মাই কয় – মোৰ সপক্ষত ভোটদান কৰা সদস্য ৰাষ্ট্রসমূহৰ সকলোকে মই ধন্যবাদ জনাইছোঁ লগতে বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সভাপতিৰ সৈতে এজন সহকর্মী সদস্য হিচাপে নির্বাচিত কৰি মোক যি সুযোগ দিলে তাৰ বাবে অভিনন্দন জনাইছোঁ৷

লগতে ড০ শর্মাই কয় – আন্তর্জাতিক পর্যায়ত শিখৰলৈ ভাৰতীয় বেডমিণ্টনক নিয়াই মোৰ লক্ষ্য আৰু দেশক বেডমিণ্টন পাৱাৰ হাউছ হিচাপে প্রতিষ্ঠা কৰাটো৷