বিহুৰ আনন্দৰ মাজতে অঘটন, দিচাং নদীত মাছ ধৰিবলৈ গৈ সন্ধানহীন এজন ব্যক্তি…

April 14, 2022 0 By Biraj Kalita

বিহুৰ আনন্দৰ মাজতে অঘটন।

দিচাং নদীত মাছ ধৰিবলৈ গৈ সন্ধানহীন হয় এজন ব্যক্তি।

শিৱসাগৰ জিলাৰ বকতা বৈৰাগীবৰৰ নবীন ফুকন নামৰ ব্যক্তিজনে মাছ ধৰিবলৈ গৈ সন্ধানহীন হয়।

নদীখন ইপাৰ সিপাৰ হোৱাৰ সময়তে সন্ধানহীন হয় ব্যক্তিজন৷

ঘটনাস্থলীত নেমুগুৰি আৰক্ষী উপস্থিত হৈ সন্ধানহীন ব্যক্তিজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ 

বৰ্তমান ঘটনাস্থলীত SDRFৰ দল উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে যদিও কোনো সন্ধান উলোৱা নাই ব্যক্তিজনৰ৷

উল্লেখ্য যে আজি পুৱাৰ পৰা নদীখনত  বহু লোকে মাছ ধৰিছিল৷ কিন্তু বৰষুণৰ বাবে নৈত পানী বৃদ্ধি হৈছিল আৰু দুৰ্ভাগ্যবশতঃ এই অঘটন সংঘটিত হয়।