বিহুৰ বাবে সংগৃহীত পূঁজিৰে হাস্পতালত ১০টা অক্সিজেন চিলিণ্ডাৰ প্ৰদানৰ সিদ্ধান্ত

April 27, 2021 0 By Biraj Kalita

ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ বাবে ইতিমধ্য ৰাজ্যত বাতিল হৈছে বহু বিহু অনুষ্ঠান।

ইয়াৰ মাজতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই হাতত লৈছে প্ৰশংসনীয় পদক্ষেপ।

গোগামুখ আছুৰ ৩৭ সংখ্যক কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱৰ কাৰ্যসূচী বাতিল।

ক’ভিড মহামাৰীৰ বাবে বিহুৰ কাৰ্যসূচী বাতিল কৰি মহাৰীৰৰ সৈতে ধেমাজি জিলা খনে যুঁজিব পৰাকৈ বিহুৰ বাবে সংগৃহীত পুঁজিৰে ১০ টা অক্সিজেন ছিলিণ্ডাৰ প্ৰশাসনক যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গোগামুখ আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত অক্সিজেন প্ৰদানৰ প্ৰস্তাৱ সমিতিৰ।