বিয়াত ফটকা ফুটােৱাক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা

November 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তিনিচুকীয়াৰ চাইডিং বজাৰত সংঘটিত হৈছে এক মাৰপিটৰ ঘটনা।

সমগ্ৰ মাৰপিটৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত।

শুকুৰবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়া চহৰৰ চাইডিং বজাৰত সংঘটিত হয় এক মাৰপিটৰ ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে চাইডিং বজাৰত অনিল আগৰৱালা আৰু ৰজত আগৰৱালাৰ দোকানৰ কাষতে এখন বিবাহ অনুষ্ঠানৰ আয়োজন হৈছিল আৰু উক্ত আয়োজনত ফটকা ফুটোৱাৰ ফলত দোকান খনৰ ভিতৰত সোমাই গৈছিল ফটকা।

ফটকা ভিতৰত সোমোৱাৰ কথাটো ক’বলৈ যাওঁতেই বিবাহ অনুষ্ঠানৰ পৰা প্ৰায় ৩০-৪০ জনীয়া এটা যুৱকৰ দল ওলাই আহি দোকানখনৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মৰত সকলোকে মাৰ-ধৰ কৰে।

ইয়াৰ ফলত গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন হ’ব লগা হয় কেবাজনাে লােক।

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তিনিচুকীয়াত।