বিয়া খাবলৈ গৈ প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৪জন লােকে!

December 8, 2020 0 By NEWS DESK

নিউজ ডেস্ক। এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা।

বিয়া খাবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল একেটা পৰিয়ালৰে ৪ জন লােকৰ।

জানিব পৰা মতে, কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বাঘজান ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সন্ধিয়া সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা ।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক

বোকাজানৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন চিমেণ্ট পৰিবাহী ট্ৰাক আৰু নাগালেণ্ডৰ লংলেং জিলাৰ পৰা ডিমাপুৰ অভিমুখী এখন টাটা ছুম’ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ছুম’খনত থকা চাৰিজন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় তিনিজন লোক।

নিহত কেইজন ক্ৰমে নাগালেণ্ডৰ পোকচাম (৬০), আবং (৩২)(ছুম’চালক), কেণ্ডাট (৪০) আৰু জুংকাই (৬২)।

যোৰহাট অভিমুখী ট্ৰাকখনৰ নম্বৰ AS-21-7654 আৰু ডিমাপুৰ অভিমুখী টাটা ছুম’খনৰনম্বৰ NL-07T-0526।

টাটা চুমু

আৰক্ষীৰ সূত্ৰৰ মতে, নিহত আটাইকেইজন নাগালেণ্ডৰ লংলিঙকৰ বাসিন্দা হোৱাৰ লগতে একেটা পৰিয়ালৰ।

তেওঁলোক আটাইকেইজন লংলেঙৰ পৰা ডিমাপুৰলৈ বিয়া খাবলৈ আহি আছিল।

ট্ৰাক চালকজনৰ নামনৰেশ দাস।

তেওঁৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ