বুকুত অযুত সপোন লৈ দুমাহ পূৰ্বে বিয়াত বহিছিল তাই, কিন্তু নিজৰ কোঠাতে উদ্ধাৰ কৰিনাৰ মৃতদেহ…

March 24, 2022 0 By Biraj Kalita

সকলো যুৱতীৰ দৰেই কৰিনায়ো সপোন দেখিছিল। এখন সুন্দৰ ঘৰ, সুন্দৰ সংসাৰ গঢ়াৰ। 

সেয়ে বুকুত অযুত সপোন লৈ প্ৰিয়জনক পাবলৈ মাত্ৰ দুমাহ পূৰ্বে পৰিয়ালৰ অগোচৰে এজন অচিনাকি ল’ৰাৰ সৈতে পালই গৈ বিয়াত বহিছিল গোলাঘাট জিলাৰ লোণপুৰীয়া গাঁৱৰ ১৯ বছৰীয়া যুৱতী কৰিনা বৰুৱা।

কিন্তু কৰিনাৰ আশাবোৰ যেন আশা হৈয়ে ৰৈ গ’ল। সুন্দৰ সংসাৰ গঢ়াৰ সপোন আধৰুৱা হ’ল।

বিয়াৰ পিছতে স্বামী পংকজ শইকীয়াই কৰ্মস্থলী তামিলনাডুৰ তিৰুপুৰলৈ লৈ গৈছিল কৰিনাৰ। কিন্তু গাৰ পৰা মাহ–হালধীৰ গোন্ধ নৌযাওঁতেই আহিল সেই দুৰ্ভাগ্যজনক খবৰটো।

২১ মাৰ্চত স্বামী পংকজে কৰিনাৰ পিতৃ–মাতৃক ফোন কৰি জনালে সেই দুঃখবৰটো।

চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে কৰিনাৰ মৃতদেহ। লগে লগে হাহাকাৰ লাগিল পৰিয়ালটোত।

গোলাঘাট জিলাৰ ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰং পঞ্চায়তৰ লোণপুৰীয়া গাঁও নিবাসী নির্মল বৰুৱা আৰু মাখনী বৰুৱাৰ একমাত্র কন্যা কৰিণা বৰুৱাক তামিলনাডুত পৰিকল্পিতভাৱে হত্যা কৰা বুলি স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে মাত্র দুমাহ পূর্বে মক্রং পঞ্চায়তৰ লোণপুৰীয়া গাঁৱৰ নির্মল বৰুৱাৰ একমাত্র কন্যা কৰিণাৰ সৈতে দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কাণফলা গাঁও নিবাসী প্রদীপ শইকীয়াৰ জ্যেষ্ঠ পুত্র পংকজ শ‍ইকীয়াৰ সৈতে দুয়োৰে প্ৰেম বিবাহ সম্পন্ন হয়।

বিবাহৰ পিচত স্বামী কর্মসূত্রে তামিলনাডুৰ এটা কোম্পানীত কৰ্মৰত হোৱা হেতুকে দুয়ো স্বামী-স্ত্রী তিৰুপুৰ অঞ্চলত এটি ভাড়াঘৰত বাস কৰিছিল যদিও বিবাহৰ পিচতে মাজে-সময়ে দুয়োৰে মাজত কিছু কথাত কাজিয়াৰ সৃষ্টি হৈছিল।

এই কাজিয়াক লৈ স্বামী পংকজ শ‍ইকীয়াই কৰিণাৰ ওপৰত দৈনিক শাৰীৰিক আৰু মানসিক নির্যাতন চলাই অহা বুলি ফোনযোগে মাতৃগৃহক অৱগত কৰিছিল।

পিতৃ-মাতৃৰ লগতে সম্বন্ধীয় কোনো লোকে এই মৃত্যুক সহজভাৱে মানি নোলোৱাৰ লগতে স্বামী পংকজে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

এই সন্দৰ্ভত পৰিয়াল আৰু গাঁৱৰ ৰাইজে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ কাষ চাপে আৰু তামিলনাডুত কৰ্মৰত পংকজৰ বিৰুদ্ধে তিৰুপুৰ উত্তৰ আৰক্ষী থানাত কৰিণাৰ পিতৃ পৰিয়ালে এজাহাৰ দাখিল কৰে।

কৰিনাৰ মৃতদেহ সৎকাৰৰ বাবে গোলাঘাটলৈ অনাৰ চিন্তা–চৰ্চা কৰিছে যদিও বৰ্তমানেও কোনো ব্যৱস্থা কৰিব পৰা নাই পৰিয়ালটোৱে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ কামনা কৰাৰ লগতে এক উচিত তদন্তৰ দাবী জনাইছে কৰিনাৰ পিতৃ পৰিয়ালে।

লগতে চাওকঃ

অসম তথা জাতিৰ উন্নয়নেই আমাৰ মূল লক্ষ্য, মূল্যবৃদ্ধি ইয়াৰ তুলনাত গৌণঃ আঙুৰলতা ডেকা