বুলেট বাইকৰ সৈতে মিনি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

November 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ পলাশবাৰী নগৰ আৰক্ষী চকীৰ অন্তৰ্গত হুদুমপুৰত পুৱতিনিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা।

জানিব পৰা মতে, এএছ ০১ ইএ ১৯০০ নম্বৰৰ বুলেট বাইক আৰু এএছ ০১ জেচি ৮১১০ নম্বৰ সামগ্ৰী কঢ়িওৱা মেজিক বাহনৰ মাজত মুখামুখী সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোত বাইক চালক আৰু মেজিক চালকজন গুৰুতৰভাৱে আহত হয়।

ঘটনাস্থলীত পলাশবাৰী নগৰ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত দুই ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল