বৃহৎ কৰ ফাঁকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ফাচী বজাৰৰ গুটখা ব্যৱসায়ী…
July 13, 2021বৃহৎ কৰ ফাঁকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ফাচী বজাৰৰ গুটখা ব্যৱসায়ী।
ধৃত ব্যৱসায়ীজনৰ নাম সুভাষ কুমাৰ সিং।
সুভাষৰ পৰা ইতিমধ্যে জব্দ কৰা হৈছে মোবাইল, লেপটপকে ধৰি বিভিন্ন আপত্তিজনক নথি-পত্ৰ।
উল্লেখযোগ্য যে গুটখা ব্যৱসায়ীজনে ২০১৯-২১ চনত প্ৰায় ২৩ কোটি টকা কৰ ফাঁকি দিয়াৰ কথা জানিব পৰা গৈছে।
এছ কে চেইল নামৰ এটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ জৰিয়তে সুভাষ কুমাৰ সিঙে কোটি টকাৰ কৰ ফাকি দিয়াৰ কথা পোহৰলৈ আহিছে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে BIEO/TAX E. NO 03(03)/2021 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।
সংবাদমেলযোগে এই কথা সদৰি কৰিছে অৰ্থনৈতিক অপৰাধ তদন্তকাৰী সংস্থাই।