বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, আটক ২

October 31, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ ছয়গাঁও থানাৰ আৰক্ষীৰ দল এটাই জোৰশিমুলীত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুটা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

জানিব পৰামতে, ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক আৰু জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ডেকাই জোৰশিমুলী ছায়েদুল ইছলামৰ ঘৰত আকস্মিকভাৱে অভিযান চলায়।

আৰক্ষীয়ে অভিযান কালত ছায়েদুল ইছলামৰ ঘৰৰ পৰা ২০ কিলো ৬০০ গ্ৰাম গাঞ্জা জব্দ কৰে।

অভিযান কালত আৰক্ষীয়ে আন এগৰাকী গাঞ্জা ব্যৱসায়ী ভালুকবাৰীৰ ছাহানুল হককো গ্ৰেপ্তাৰ কৰে।

ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে নগদ দহ হাজাৰ টকাও জব্দ কৰে। জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য দুই লক্ষাধিক টকা হ’ব।