বৃহৎ পৰিমাণৰ চোৰাং কাঠ কঢ়িওৱা দুখন বাহন জব্দ বন বিভাগৰ
March 5, 2022নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে বনজ সম্পদৰ ধ্বংসযজ্ঞ।
বন ধ্বংসকাৰীৰ বিৰুদ্ধে অব্যাহত আছে বন বিভাগৰ অভিযান।
এইবাৰ নগাঁও জিলাৰ কলিয়াবৰৰ ভুমুৰাগুৰিত জব্দ দুখনকৈ চোৰাং কাঠ ভৰ্তি বাহন।
শনিবাৰে পুৱা চোৰাং কাঠভৰ্তি বাহন দুখন জব্দ কৰে শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে।
অভিযােগ অনুসৰি, প্ৰতিদিনেই কাৰ্বি আংলঙৰ পৰা নগাঁৱলৈ এনেদৰে সৰবৰাহ হৈ আছে চোৰাং কাঠ।
উল্লেখ্য যে বনবিভাগে বাহন দুখন ৰখাবলৈ নিৰ্দেশ দিয়াত বাহন দুখন এৰি চালকসহ হেণ্ডিমেন পলায়ন কৰে।
ইয়াৰ পিছতে বাহন দুখনত তালাচী চলোৱাত উক্ত বৃহৎ পৰিমাণৰ কাঠসহ বাহন দুখন জব্দ কৰে বন বিভাগে।