বৃহৎ পৰিমাণৰ চোৰাং কেৰাচিন তেল ভৰ্তি গাড়ীসহ এজনক গ্ৰেপ্তাৰ

December 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ আৰক্ষীৰ জালত পৰিল চােৰাং কেৰাচিন তেল ভৰ্তি বাহন, গ্ৰেপ্তাৰ হ’ল এজন অসাধু ব্যৱসায়ী।

কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত নাওভাংগাত নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কেৰাচিনসহ এখন গাড়ী।

লগতে গাড়ীখনৰ চালকক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, বকো সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলসমূহত দীৰ্ঘদিনৰে পৰাই একাংশ ব্যৱসায়ীয়ে ভেজাল পেট্ৰ’ল বিক্ৰী কৰি আহিছে।

পেট্ৰ’লত কেমিকেল তথা কেৰাচিন মিহলাই বিক্ৰী কৰি ব্যৱসায়ীয়ে অধিক মুনাফা লুটি অহাৰ বিপৰীতে গ্ৰাহকে ভেজাল পেট্ৰ’ল ক্ৰয় কৰাৰ ফলত নানা সমস্যাৰ সন্মুখীনহৈ আহিছে।

সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নিশা গোপন খবৰৰ ভিত্তিত নাওভাংগাত অভিযান চলায়।

আৰক্ষীয়ে এই অভিযানকালত গোৱালপাৰা জিলাৰ ধূপধৰাৰ পৰা চেঙা সমষ্টিৰ কাছুমাৰালৈ এ এছ-২৫ ই চি-২৬৩৯ নম্বৰৰ ডি আই গাড়ীখনেৰে অনা প্ৰায় ১৫০০ লিটাৰ কেৰাচিন জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে চোৰাং কেৰাচিন কঢ়িয়াই অনা গাড়ীখন জব্দ কৰাৰ লগতে চালকজনকো আটক কৰিছে।

ধৃত গাড়ীচালকজন সোণতলীৰ দক্ষিণ ৰাংগাপানী গাঁৱৰ ছাদ্দাম হোছেইন বুলি জানিব পৰা গৈছে।