বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিসহ ট্ৰাক জব্দ

December 16, 2021 0 By NEWS DESK

ধুবুৰী জিলাৰ অসম পশ্চিমবংগ সীমান্তৰ ছাগলীয়াত আৰক্ষীয়ে ট্ৰাকসহ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰে।

জানিব পৰা মতে, নিশা ছাগলীয়া আৰক্ষী চকীৰ এটা দলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টহল দি থকা সময়ত এএছ ১৭ চি৩০৫৫ নম্বৰৰ ১২ চকীয়া ট্ৰাকখন সন্দেহজনকভাৱে আটক কৰে।

ট্ৰাকখনৰ নথি-পত্ৰৰ বিসংগতি থকাত আৰক্ষীয়ে ট্ৰাকখন নিশা আৰক্ষী চকীতে ৰাখে।

পাছত ট্ৰাকখনত তালাচী চলোৱাত ২৮৫ বস্তা অবৈধ বাৰ্মিজ চুপাৰী জব্দ কৰে।

প্ৰতিটো বস্তাত ৭০ কেজিকৈ চুপাৰী কঢ়িয়াই আনিছিল।

আৰক্ষীয়ে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক সোধা-পোছা অব্যাহত ৰাখিছে।

এই ঘটনাই স্পষ্ট কৰিলে যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ছাগলীয়া হৈ অবৈধভাৱে বাৰ্মিজ চুপাৰী বহিঃৰাজ্যলৈ চালান কৰা চক্ৰ পুনৰ সক্ৰিয় হৈ পৰিছে।

লগতে চাওকঃ

আবেগিক মুহূৰ্ত! শ্বহীদ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ সমস্ত দায়িত্ব পালন সতীৰ্থ জোৱানৰ