বেংকৰ চাকৰি এৰি দুটা ছাগলীৰে ফাৰ্ম আৰম্ভ কৰা পৰীমিতাই এতিয়া বছৰি বিক্ৰী কৰে ৩ লাখ টকাৰ ছাগলী…

June 12, 2021 0 By Biraj Kalita

স্বাৱলম্বীতাৰ এক উৎকৃষ্ঠ নিদৰ্শন দাঙি ধৰিছে নলবাৰীৰ পৰীমিতাই।

জানিব পৰা মতে নলবাৰীৰ মাখিবাহাৰ পৰীমিতা শৰ্মাই বেংকত চাকৰি কৰিছিল।

নলবাৰীৰ এইচ দি এফ চি বেংকত ঋণ পৰিশোধৰ কৰ্মচাৰী ৰূপে চাকৰি কৰিছিল পৰীমিতাই।

কিন্তু বেংকৰ কাম কৰি কৰি মানসিকভাৱে ভাঙি পৰিছিল পৰীমিতা।

সেয় এদিন বেংকৰ চাকৰি এৰি তেওঁ আৰম্ভ কৰিলে এখন ছাগলী ফাৰ্ম৷নাম দিলে ‘আস্হা ছাগলী ফাৰ্ম’৷

মাত্ৰ দুটা ছাগলীৰে আৰম্ভ কৰা ফাৰ্মখনৰ পৰা এতিয়া একোটা বছৰত তিনিলাখ টকালৈকে ব্যৱসায় কৰিবলৈ সক্ষম হৈছে তেওঁ।

স্বামী আৰু শহুৰৰ ঘৰৰ সদস্যসকলৰ অনুপ্ৰেৰণা আৰু সহায়ত ছাগলী ফাৰ্ম আৰম্ভ কৰি সফলতাৰ দিশত অগ্ৰসৰ হৈছে পৰীমিতা শৰ্মা।

তেওঁ কয়- ইউ টিউবত উপাৰ্জন সম্পৰ্কীয় ভিডিঅ’বোৰ চাই থাকোতে এদিন হঠাৎ এখন ছাগলী ফাৰ্ম দেখিলো৷ মই খুব মন দি ভিডিঅ’টো চালো৷ মই ভাবিলো এইটো মোৰ দৰে এগৰাকী মহিলাৰ বাবে উপযুক্ত কাম হ’ব৷ কিন্তু যিকোনো এটা কাম আৰম্ভ কৰাৰ আগতে বিষয় বস্তুৰ প্ৰতি জ্ঞান থকাটো বৰ প্ৰয়োজন৷ সেয়ে এবছৰ ধৰি মই বিভিন্ন ঠাইত ছাগলী ফাৰ্ম চাবলৈ গ’লো৷ ছাগলী কেনেকৈ পুহিব লাগে ,তাৰ বিষয়ে খৰচি মাৰি জনাৰ চেষ্টা কৰিলো৷ অৱশেষত ২০১৮ চনত মই নিজা ছাগলী ফাৰ্ম আৰম্ভ কৰিলো৷ নাম ৰাখিলো “আস্হা ছাগলী ফাৰ্ম।’

লগতে কয়- মাত্ৰ দুজনী থলুৱা ছাগলীৰে মই সপোনৰ ফাৰ্মখন আৰম্ভ কৰিলো ৷ প্ৰায় তিনিমাহধৰি ছাগলী দুজনী পোহাৰ পাছতে মই ঠিক কৰিলো যে উন্নত জাতৰ ছাগলী অনা প্ৰয়োজন আছে ৷ সেয়ে বৰ্ণিহাতৰ পৰা আৰু দুটামান উন্নত জাতৰ ছাগলী আনিলো আৰু থলুৱা ছাগলীৰ সৈতে ক্ৰচ কৰালো ৷ ফলত জন্ম হোৱা ছাগলীৰ সঁচটো উন্নত হ’ল ৷ ইয়াৰ পাছতে ৰাজস্থানৰ পৰা চিৰহি প্ৰজাতিৰ ছাগলী অনাৰ ব্যৱস্থা কৰিলো ৷ অৱশ্যে এই ক্ষেত্ৰত মোক ৰাজস্থানত থকা আমাৰ আত্মীয় এজনে বহু সহায় কৰিলে ৷ তেওঁ তিনিটা চিৰহী ছাগলী ক্ৰয় কৰি ৰেলত পঠাই দিলে ৷ ছাগলীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মই অধিক জানিবৰ বাবে প্ৰশিক্ষণ লোৱা প্ৰয়োজন হৈ পৰিলে ৷ সেয়ে ইউ কো আৰচিটীত প্ৰশিক্ষণ ল’লো।

মই ভাবো বিবাহিত বা অবিবাহিত প্ৰত্যেক গৰাকী মহিলাই স্বাৱলম্বী হোৱাৰ প্ৰয়োজন ৷ প্ৰতিগৰাকী মহিলাই নিজৰ উপাৰ্জনৰ এটি পথ তৈয়াৰ কৰি লোৱা প্ৰয়োজন ৷ এনে কৰিলে আত্মসন্মান আৰু আত্মসন্তুষ্টি দুয়োটাই বৃদ্ধি পায় ৷ চাকৰি বিচাৰি ফুৰি লটিঘটি হোৱাতকৈ নিজৰ চৌপাশে থকা সুবিধাবোৰ গ্ৰহণ কৰিলেই হ’ল ৷

কোনোৱে যদি হাঁহ কুকুৰা পুহিছে , কোনৱে তাঁতশালত লাগিছে ,কোনোৱে কাপোৰ তৈয়াৰ কৰিছে ,মুঠতে যি কামৰ বাবে নিজকে যোগ্য বুলি ভাবে তাকে কৰি উপাৰ্জনৰ পথ মোকোলাব লাগে বুলি মন্তব্য কৰে পৰীমিতাই।

লগতে চাওকঃ

জৰিমনা হিচাপে লাভ কৰা ধনেৰে উপায়ুক্তই গঠন কৰিলে ‘কভিড কেয়াৰ’ বেংক

অভাৰব্ৰিজত ছেল্ফী ল’বলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে MBBS ৰ এগৰাকী ছাত্ৰীয়ে