বেজৰ নাকত খৰ! আৰক্ষী থানাৰ চৌহদৰ ভিতৰৰ পৰাই চোৰে চুৰি কৰি লৈ গ’ল বাইক…

July 6, 2021 0 By Biraj Kalita

বেজৰ নাকত খৰ!

আৰক্ষী থানাৰ চৌহদৰ ভিতৰৰ পৰাই চোৰে চুৰি কৰি লৈ গ’ল বাইক।

তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ ভিতৰৰ পৰা বাইক চুৰি হোৱা ঘটনাই এতিয়া চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অধিক সজাগ আৰু শক্তিশালী ৰূপত প্ৰতিস্থা কৰিব বিচাৰি আছে তেনে সময়তে তামুলপুৰ আৰক্ষী থানাৰ ফোপোলা স্বৰূপ ওলাই পৰিছে।

জানিব পৰা মতে- যোৱা কিছুদিন আগতে তামুলপুৰৰ এঘাৰ মাইলত হোৱা এটা সাধাৰণ পথ দুৰ্ঘটনাৰ ফলত তামুলপুৰ আৰক্ষীয়ে AS28 A 8915 আৰু AS01 BD 8124 নম্বৰৰ বাইক দুখন তামুলপুৰ আৰক্ষী থানালৈ লৈ আহে।

যেতিয়া সম্পূৰ্ণ নথিপত্ৰ লগত লৈ বাইকৰ মালিকপক্ষই বাইক দুখন নিবলৈ আহে। তেতিয়াই ওলাই পৰে ওৰহী গছৰ ওৰ।

তাৰেই AS28 A 8915 নম্বৰৰ R15 বাইকখন তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ পৰাই নাইকিয়া হৈ আছে।

২৪ ঘণ্টাই আৰক্ষী থানাৰ চৌহদত পহৰা থকাৰ লগতে চৌহদৰ ভিতৰত চিচি কেমেৰা সংলগ্ন থকাৰ পিছতো কিদৰে বাইকখন নোহোৱা হৈ যায় বা চুৰি হয়, সেই কথাই সমগ্ৰ আৰক্ষী বিভাগক লজ্জানত কৰিছে।