বোৱাৰীৰ কৰ্তব্যঃ কৰ’ণাক্ৰান্ত শহুৰেকক চিকিৎসালয়লৈ নিবলৈ সুবিধা নাপাই নিজেই তুলি ল’লে কান্ধত…

June 4, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

কৰ’ণা কালত এগৰাকী বোৱাৰীৰ কৰ্তব্যই এতিয়া ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে।

শহুৰেকক চিকিৎসালয়লৈ নিবলৈ একো সুবিধা নাপাই নিজে তুলি ল’লে কান্ধত।

নগাঁৱৰ ৰহাৰ এগৰাকী বোৱাৰীয়ে দেখুৱাইছে এই অনন্য নিদৰ্শন।

ক’ভিডত আক্ৰান্ত নিজৰ শহুৰেকক পিঠিত উঠাই নি গাড়ীত উঠালে নগাঁৱৰ ৰহাৰ এগৰাকী বোৱাৰীয়ে।

আজিৰ দিনত বোৱাৰীৰ শাহু-শহুৰৰ প্ৰতি থকা এনে কৰ্তব্যত সকলোৱে একেমুখে শলাগ লৈছে।

ৰহাৰ ভাটিগাঁৱৰ তিলেশ্বৰ দাস নামৰ ৭৫ বছৰীয়া লোকজন অসুস্থ হৈ পৰাত বৃহস্পতিবাৰে বোৱাৰী নিহাৰিকা দাসে ক’ভিড পৰীক্ষা কৰিবলৈ নগাঁৱৰ ৰহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়।

ক’ভিড পৰীক্ষাত শহুৰ তিলেশ্বৰ দাসৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। অৱশ্যে উক্ত পৰীক্ষাত ক’ভিড নিগেটিভ ধৰা পৰে বোৱাৰীয়েকগৰাকী।

উল্লেখ্য যে, তিলেশ্বৰ দাসৰ পুত্ৰ কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে । সেয়ে শহুৰেকৰ সকলো শুশ্ৰূষা বোৱাৰীয়েকে কৰে।

চিকিৎসালয়ৰ ভিতৰৰ পৰা অসুস্থ শহুৰেকক গাড়ীত উঠাবলৈ কোনো আগবাঢ়ি নহাত উপায়ন্তৰ হৈ বোৱাৰীয়েক নিহাৰিকা দাসে নিজৰ পিঠিত উঠাই চিকিৎসালয়ৰ ভিতৰৰ পৰা নি এখন মেজিক গাড়ীত উঠাই কৰ’ণাত আক্ৰান্ত শহুৰেকক।