ব্যক্তিগত চিকিৎসালয়সমূহত ক’ভিড-১৯ চিকিৎসাৰ হাৰ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

June 4, 2021 0 By Biraj Kalita

ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়সমূহত ক’ভিড-১৯ চিকিৎসাৰ হাৰ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

স্বাস্থ্য বিভাগৰ সৈতে এক পৰ্যালোচনা বৈঠকত, ক’ভিড চিকিৎসাৰ বাবে জেনেৰেল আৰু ছুপাৰ স্পেচিয়েলিটি ৱাৰ্ডৰ বাবে ৰোগী-অনুকূল হাৰ নিৰ্ধাৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘ব্যক্তিগত চিকিৎসালয়ত ক’ভিড-১৯ চিকিৎসাৰ হাৰ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। জেনেৰেল আৰু ছুপাৰ-স্পেচিয়েলিটি দুয়োটা ৱাৰ্ডৰ বাবে সুলভ হাৰ নিৰ্ধাৰণ কৰা হৈছে।’

লগতে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক কোমৰ্বিডিটি থকা যিকোনো বয়সৰ ক’ভিড ৰোগীক হোম আইছ’লেশ্যনৰ অনুমতি নিদিবলৈ নিৰ্দেশ দিছে।